Jump to Content

শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে Family Linkৰ গোপনীয়তা সম্পৰ্কীয় নিৰ্দেশনা

আপোনাৰ বয়স বাছনি কৰক

বয়স ৬-৮
বয়স ৯-১২
বয়স ১৩-১৭

বয়স ৬-৮

Googleত আপোনাৰ গোপনীয়তাৰ বিষয়ে জানিবলৈ বিচাৰে নেকি?

আপুনি সঠিক ঠাইলৈ আহিছে! শিশুসকলে আটাইতকৈ বেছিকৈ সোধা প্ৰশ্নসমূহ পঢ়ক, যেনে- Googleৰ সামগ্ৰীসমূহৰ ক্ষেত্ৰত আপোনাৰ অভিভাৱকে কিদৰে আপোনাক সহায় কৰিব পাৰে, Googleএ কি তথ্য ব্যৱহাৰ কৰে আৰু অধিক।

অভিভাৱকসকল, ১৩ বছৰৰ (অথবা আপোনাৰ দেশত প্ৰযোজ্য বয়সৰ) তলৰ শিশুৰ বাবে, কেৱল Family Linkৰ জৰিয়তে পৰিচালিত Google একাউণ্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অধিক সবিশেষ পাবলৈ আমাৰ গোপনীয়তাৰ জাননী আৰু গোপনীয়তাৰ নীতি চাওক।

মোৰ একাউণ্ট নিয়ন্ত্ৰণৰ দায়িত্বত কোন আছে?

আপোনাৰ অভিভাৱক আপোনাৰ Google একাউণ্টটোৰ দায়িত্বত আছে। এয়া পৰিচালনা কৰাত সহায় হ’বলৈ তেওঁ Family Link নামৰ এটা এপ্‌ ব্যৱহাৰ কৰিব পাৰে। আপুনি ডাঙৰ হ’লে আপোনাৰ একাউণ্টটোৰ দায়িত্ব ল’ব পাৰিব।

আপোনাৰ অভিভাৱকে এইবোৰৰ দৰে কামবোৰ কৰিব পাৰে:
  • আপোনাৰ একাউণ্টত ছাইন ইন কৰা, আপোনাৰ একাউণ্টৰ পাছৱৰ্ড সলনি কৰা অথবা আপোনাৰ একাউণ্ট মচি পেলোৱা।
  • আপোনাৰ ফ’ন অথবা টেবলেট লক কৰা।
  • আপোনাৰ ফ’ন অথবা টেবলেটটো ক’ত আছে সেয়া চোৱা।
  • আপুনি কি এপ্‌ ব্যৱহাৰ কৰিব পাৰে সেয়া বাছনি কৰা।
  • আপুনি আপোনাৰ এপ্‌সমূহ কিমান সময়লৈ ব্যৱহাৰ কৰে সেয়া চোৱা।
  • আপুনি Google Search, YouTube অথবা Google Playৰ দৰে কিছুমান Googleৰ এপত দেখা বস্তুবোৰ সলনি কৰা।
  • আপোনাৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহ বাছনি কৰা। (এয়া হৈছে কিছুমান ছেটিং যিয়ে আপুনি Googleৰ জৰিয়তে কৰা কাৰ্যসমূহৰ তথ্য ছেভ কৰে।)
  • আপোনাৰ এপ্‌সমূহৰ বাবে ছেটিং আৰু অনুমতি বাছনি কৰা।
  • আপোনাৰ একাউণ্টৰ বাবে নাম, জন্মদিন আৰু অন্য তথ্য বাছনি কৰা।
  • Google Playৰ দৰে Googleৰ কিছুমান প্ৰ’ডাক্টত আপুনি কি ডাউনল’ড কৰিব পাৰে সেয়া বাছনি কৰা অথবা ক্ৰয় কৰা।

Googleএ মোৰ তথ্য কিদৰে আৰু কিয় ব্যৱহাৰ কৰে?

আপুনি অথবা আপোনাৰ অভিভাৱকে আমাক প্ৰদান কৰা তথ্য, যেনে- আপোনাৰ নাম আৰু জন্মদিন আমি ছেভ কৰিব পাৰোঁ। আপুনি আমাৰ এপ্‌ আৰু ছাইট ব্যৱহাৰ কৰিলেও আমি তথ্য ছেভ কৰোঁ। আমি এই তথ্যখিনি সুৰক্ষিত কৰি ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰোঁ আৰু আমি সেয়া বিভিন্ন কাৰণত, যেনে- Google এপ্‌ আৰু ছাইটসমূহক অধিক সহায়ক কৰি তুলিবলৈ ব্যৱহাৰ কৰোঁ।

আপোনাৰ অভিভাৱকৰ সৈতে মিলি আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰিব পৰা কিছুমান উপায়ৰ বিষয়ে অধিক জানক:
  • আমাৰ এপ্‌ আৰু ছাইটসমূহৰ দ্বাৰা কাম কৰোৱা: উদাহৰণস্বৰূপে, আপুনি যদি Google Searchত "পুতলা" বুলি সন্ধান কৰে, আমি পুতলা সম্পৰ্কীয় বস্তু দেখুৱাবলৈ আপোনাৰ তথ্য ব্যৱহাৰ কৰোঁ।
  • আমাৰ এপ্‌ আৰু ছাইটসমূহ উন্নত কৰা: উদাহৰণস্বৰূপে, যদি কিহবাই কাম নকৰা হয়, আমি সেয়া ঠিক কৰিবলৈ তথ্য ব্যৱহাৰ কৰিব পাৰোঁ।
  • Google, আমাৰ ব্যৱহাৰকাৰী আৰু ৰাইজক সুৰক্ষা প্ৰদান কৰা: আমি অনলাইনত লোকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ তথ্য ব্যৱহাৰ কৰোঁ।
  • নতুন এপ্‌ আৰু ছাইট বনোৱা: আমি বনাব পৰা Googleৰ নতুন বস্তুৰ ধাৰণা লাভ কৰিবলৈ লোকসকলে কিদৰে আমাৰ বৰ্তমানৰ এপ্‌ আৰু ছাইটসমূহ ব্যৱহাৰ কৰে সেই বিষয়ে আমি জানি লওঁ।
  • আপোনাক আপুনি পচন্দ কৰিব পৰা বস্তু দেখুওৱা: উদাহৰণস্বৰূপে, আপুনি যদি YouTube Kidsত জীৱ-জন্তুৰ ভিডিঅ’ চাই ভাল পায়, আমি আপোনাক তেনেকুৱা অধিক ভিডিঅ’ দেখুৱাব পাৰোঁ।
  • আপুনি ব্যৱহাৰ কৰি থকা ছাইটৰ দৰে কথাৰ ওপৰত ভিত্তি কৰি আপোনাক বিজ্ঞাপন দেখুওৱা।
  • আপোনাৰ সৈতে যোগাযোগ কৰা: উদাহৰণস্বৰূপে, আপোনাক বাৰ্তা পঠিয়াবলৈ আমি আপোনাৰ ইমেইল ঠিকনা ব্যৱহাৰ কৰিব পাৰোঁ। আপুনি চিনি নোপোৱা কোনো লোকৰ বাৰ্তা খোলাৰ আগতে সদায় এগৰাকী অভিভাৱকক সোধক।

মই Googleক কি ছেভ কৰিব লাগে সেয়া ক’ব পাৰোঁনে?

হয়, আমি আপোনাৰ বিষয়ে ছেভ কৰা কিছুমান বস্তু আপুনি সলনি কৰিব পাৰে। আপুনি যদি আপোনাৰ কিছুমান গোপনীয়তাৰ ছেটিঙত, যেনে- কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহত সালসলনি কৰে, আমি আপোনাৰ অভিভাৱকক জানিবলৈ দিম। তেওঁ আপোনাক আপোনাৰ ছেটিং সলনি কৰাতো সহায় কৰিব পাৰে।

আপুনি আৰু আপোনাৰ অভিভাৱকে আপোনাৰ আৰু আপোনাৰ Google একাউণ্টৰ বিষয়ে কিছুমান তথ্য যিকোনো সময়তে চাব আৰু পৰিচালনা কৰিব পাৰে।

Googleএ কেতিয়াবা মোৰ ব্যক্তিগত তথ্য অন্য লোকৰ সৈতে শ্বেয়াৰ কৰেনে?

আমি আপোনাৰ নামৰ দৰে আপোনাৰ ব্যক্তিগত তথ্য Googleৰ বাহিৰত শ্বেয়াৰ কৰিব পৰাৰ কেইটামান কাৰণ আছে। আমি যদি এই তথ্য শ্বেয়াৰ কৰোঁ, আমি সেয়া সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিবলৈ পদক্ষেপ লওঁ।

আমি কিছুমান ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব পাৰোঁ:
  • Googleত আপোনাৰ অভিভাৱক আৰু পৰিয়ালৰ গোটৰ সৈতে
  • আমি কাম কৰা কোম্পানীসমূহৰ সৈতে
  • শ্বেয়াৰ কৰিলেও আপোনাৰ অভিভাৱকে আমাক কোনো কথা নাই বুলি ক’লে
  • কোনো আইনী কাৰণৰ বাবে আমি তেনে কৰিবলগীয়া হ’লে

মই অনলাইনত কি শ্বেয়াৰ কৰোঁ সেয়া আন কোনে চাব পাৰে?

ইমেইল অথবা ফট’ৰ দৰে আপুনি অনলাইনত শ্বেয়াৰ কৰা যিকোনো সমল বহুতো লোকে দেখা পাব পাৰে। কেৱল আপুনি বিশ্বাস কৰা লোকৰ সৈতেহে শ্বেয়াৰ কৰক। আপুনি যদি নিশ্চিত নহয়, এগৰাকী অভিভাৱক অথবা পৰিয়ালৰ সদস্যক সোধক।

অধিক জানিবলৈ বিচাৰে নেকি? আপোনাৰ অভিভাৱকক আপুনি আমাৰ গোপনীয়তাৰ নীতি পঢ়াত সহায় কৰিবলৈ কওক।

বয়স ৯-১২

Googleত আপোনাৰ গোপনীয়তাৰ বিষয়ে জানিবলৈ বিচাৰে নেকি?

আপুনি সঠিক ঠাইলৈ আহিছে! আপুনি আমাৰ এপ্‌ আৰু ছাইট ব্যৱহাৰ কৰিলে Googleএ কিদৰে তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰে ইয়াত আপুনি সেই বিষয়ে জানিব পাৰে। আপুনি লগতে আপোনাৰ অভিভাৱকে আপোনাক আপোনাৰ Google একাউণ্ট আৰু ডিভাইচ পৰিচালনা কৰোঁতে কিদৰে সহায় কৰিব পাৰে সেই বিষয়েও জানিব।

অভিভাৱকসকল, ১৩ বছৰৰ (অথবা আপোনাৰ দেশত প্ৰযোজ্য বয়সৰ) তলৰ শিশুৰ বাবে, কেৱল Family Linkৰ জৰিয়তে পৰিচালিত Google একাউণ্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অধিক সবিশেষ পাবলৈ আমাৰ গোপনীয়তাৰ জাননী আৰু গোপনীয়তাৰ নীতি চাওক।

মোৰ একাউণ্ট নিয়ন্ত্ৰণৰ দায়িত্বত কোন আছে?

এই মুহূৰ্তত আপোনাৰ অভিভাৱক আপোনাৰ Google একাউণ্টটোৰ দায়িত্বত আছে। একাউণ্টটো পৰিচালনা কৰিব পৰাকৈ আপোনাৰ পৰ্যাপ্ত বয়স নোহোৱালৈকে সেইটো পৰিচালনা কৰাত সহায় হ’বলৈ তেওঁ Family Link নামৰ এটা এপ্‌ ব্যৱহাৰ কৰিব পাৰে।

আপোনাৰ অভিভাৱকে এইবোৰৰ দৰে কামবোৰ কৰিব পাৰে:
  • আপোনাৰ একাউণ্টত ছাইন ইন কৰা, আপোনাৰ একাউণ্টৰ পাছৱৰ্ড সলনি কৰা অথবা আপোনাৰ একাউণ্ট মচি পেলোৱা।
  • ফ’ন অথবা টেবলেটৰ দৰে আপোনাৰ ডিভাইচসমূহ আপুনি কেতিয়া আৰু কিমান সময়লৈ ব্যৱহাৰ কৰিব পাৰে তাৰ সীমা ছেট কৰা।
  • আপোনাৰ ফ’ন অথবা টেবলেটটো ক’ত আছে সেয়া চোৱা।
  • আপুনি ব্যৱহাৰ কৰিব পৰা এপ্‌সমূহ বাছনি কৰা।
  • আপুনি আপোনাৰ এপ্‌সমূহ কিমান সময়লৈ ব্যৱহাৰ কৰে সেয়া চোৱা।
  • Google Search, YouTube অথবা Google Playৰ দৰে কিছুমান Google এপৰ বাবে সমলৰ ছেটিং পৰিচালনা কৰা। এই ছেটিংসমূহে আপুনি কি দেখা পায় সেয়া সলনি কৰিব পাৰে।
  • আপোনাৰ একাউণ্টৰ, যেনে- YouTube ইতিহাসৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহ পৰিচালনা কৰা, য’ত আপুনি এই নিয়ন্ত্ৰণসমূহ পৰিচালনা কৰাটো অৱৰোধ কৰাও অন্তৰ্ভুক্ত।
  • আপোনাৰ ফ’ন অথবা টেবলেটত থকা এপ্‌সমূহৰ বাবে অনুমতি পৰ্যালোচনা কৰা, যেনে- এপ্‌সমূহে আপোনাৰ মাইক্ৰ’ফ’ন, কেমেৰা অথবা সম্পৰ্কসূচী ব্যৱহাৰ কৰিব পাৰেনে নোৱাৰে।
  • আপোনাৰ একাউণ্ট সম্পৰ্কীয় তথ্য, যেনে- আপোনাৰ নাম, লিংগ অথবা জন্মৰ তাৰিখ চোৱা, সলনি কৰা অথবা মচা।
  • Google Playৰ দৰে Googleৰ কিছুমান এপ্‌ আৰু ছাইটত আপোনাৰ ডাউনল’ড আৰু ক্ৰয়ত অনুমোদন জনোৱা।

Googleএ মোৰ তথ্য কিদৰে আৰু কিয় ব্যৱহাৰ কৰে?

বেছিভাগ ছাইট আৰু এপে কৰাৰ দৰেই, আমি আপোনাৰ নাম আৰু জন্মৰ তাৰিখৰ দৰে আপুনি অথবা এগৰাকী অভিভাৱকে আমাক প্ৰদান কৰা তথ্য সংগ্ৰহ কৰোঁ আৰু আপুনি আমাৰ এপ্‌ আৰু ছাইট ব্যৱহাৰ কৰিলেহে আমি তথ্য সংগ্ৰহ কৰোঁ। আমি এই তথ্যখিনি সুৰক্ষিত কৰি ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰোঁ আৰু আমি এয়া আমাৰ প্ৰ’ডাক্টসমূহ আপোনাৰ বাবে অধিক সহায়ক কৰি তোলাৰ দৰে কামবোৰৰ বাবে ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, আমি এয়া কৰিবলৈ ডেটা সংগ্ৰহ কৰোঁ:
  • আমাৰ এপ্‌ আৰু ছাইটসমূহৰ দ্বাৰা কাম কৰোৱা: উদাহৰণস্বৰূপে, আপুনি যদি Google Searchত "ক্ৰীড়া" বুলি সন্ধান কৰে, আমি ক্ৰীড়া সম্পৰ্কীয় বস্তু দেখুৱাবলৈ আপোনাৰ তথ্য ব্যৱহাৰ কৰোঁ।
  • আমাৰ এপ্‌ আৰু ছাইটসমূহ উন্নত কৰা: উদাহৰণস্বৰূপে, যদি কিহবাই কাম নকৰা হয়, আমি সেয়া ঠিক কৰিবলৈ তথ্য ব্যৱহাৰ কৰিব পাৰোঁ।
  • Google, আমাৰ ব্যৱহাৰকাৰী আৰু ৰাইজক সুৰক্ষা প্ৰদান কৰা: আমি অনলাইনত লোকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ, যেনে- প্ৰৱঞ্চনা চিনাক্ত আৰু ৰোধ কৰিবলৈ তথ্য ব্যৱহাৰ কৰোঁ।
  • নতুন এপ্‌ আৰু ছাইট বনোৱা: আমি বনাব পৰা Googleৰ নতুন প্ৰ’ডাক্টৰ ধাৰণা লাভ কৰিবলৈ লোকসকলে কিদৰে আমাৰ বৰ্তমানৰ এপ্‌ আৰু ছাইটসমূহ ব্যৱহাৰ কৰে সেই বিষয়ে আমি জানি লওঁ।
  • আপোনাৰ বাবে তথ্য ব্যক্তিগতকৰণ কৰা, যাৰ অৰ্থ হৈছে আমি আপুনি পচন্দ কৰিব পাৰে বুলি ভবা বস্তু দেখুওৱা। উদাহৰণস্বৰূপে, আপুনি যদি YouTube Kidsত জীৱ-জন্তুৰ ভিডিঅ’ চাই ভাল পায়, আমি তেনেকুৱা অধিক সমলৰ চুপাৰিছ কৰিব পাৰোঁ।
  • আপুনি ব্যৱহাৰ কৰি থকা ছাইটৰ দৰে কথাৰ ওপৰত ভিত্তি কৰি আপোনাক বিজ্ঞাপন দেখুওৱা
  • আপোনাৰ সৈতে যোগাযোগ কৰা: উদাহৰণস্বৰূপে, আপোনালৈ বাৰ্তা পঠিয়াবলৈ, যেনে- সুৰক্ষা সম্পৰ্কীয় কিবা সমস্যা হ’লে আপোনাক জনাবলৈ আমি আপোনাৰ ইমেইল ঠিকনা ব্যৱহাৰ কৰিব পাৰোঁ। আপুনি চিনি নোপোৱা কোনো লোকৰ বাৰ্তা খোলাৰ আগতে সদায় এগৰাকী অভিভাৱকক সোধক।

মই Googleক কি ছেভ কৰিব লাগে সেয়া ক’ব পাৰোঁনে?

হয়, আমি আপোনাৰ বিষয়ে ছেভ কৰা কিছুমান বস্তু আপুনি সলনি কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি আমি আপোনাৰ Google একাউণ্টত আপোনাৰ YouTube ইতিহাস ছেভ কৰাটো নিবিচাৰে, আপুনি YouTube ইতিহাস অফ কৰিব পাৰে। আপুনি যদি আপোনাৰ কিছুমান গোপনীয়তাৰ ছেটিঙত, যেনে- কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহত সালসলনি কৰে, আমি আপোনাৰ অভিভাৱকক জানিবলৈ দিম। তেওঁ আপোনাক আপোনাৰ ছেটিং সলনি কৰাতো সহায় কৰিব পাৰে।

আপুনি আৰু আপোনাৰ অভিভাৱকে আপোনাৰ আৰু আপোনাৰ Google একাউণ্টৰ বিষয়ে কিছুমান তথ্য যিকোনো সময়তে চাব আৰু পৰিচালনা কৰিব পাৰে।

Googleএ কেতিয়াবা মোৰ ব্যক্তিগত তথ্য অন্য লোকৰ সৈতে শ্বেয়াৰ কৰেনে?

আমি আপোনাৰ নাম আৰু ইমেইল ঠিকনাৰ দৰে আপোনাৰ ব্যক্তিগত তথ্য Googleৰ বাহিৰত শ্বেয়াৰ কৰিব পৰাৰ কেইটামান কাৰণ আছে। আমি যদি এই তথ্য শ্বেয়াৰ কৰোঁ, আমি সেয়া সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিবলৈ পদক্ষেপ লওঁ।

আমি কিছুমান ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব পাৰোঁ:
  • Googleত আপোনাৰ অভিভাৱক আৰু পৰিয়ালৰ গোটৰ সৈতে
  • আমি কাম কৰা কোম্পানীসমূহৰ সৈতে
  • শ্বেয়াৰ কৰিলেও আপোনাৰ অভিভাৱকে আমাক কোনো কথা নাই বুলি ক’লে
  • কোনো আইনী কাৰণৰ বাবে আমি তেনে কৰিবলগীয়া হ’লে

মই অনলাইনত কি শ্বেয়াৰ কৰোঁ সেয়া আন কোনে চাব পাৰে?

ইমেইল অথবা ফট’ৰ দৰে আপুনি অনলাইনত শ্বেয়াৰ কৰা যিকোনো সমল বহুতো লোকে দেখা পাব পাৰে। অনলাইনত কোনো সমল শ্বেয়াৰ কৰা হ’লে সেয়া আঁতৰ কৰাটো কঠিন হ’ব পাৰে। কেৱল আপুনি বিশ্বাস কৰা লোকৰ সৈতেহে শ্বেয়াৰ কৰক। আপুনি যদি নিশ্চিত নহয়, এগৰাকী অভিভাৱক অথবা পৰিয়ালৰ সদস্যক সোধক।

অধিক জানিবলৈ বিচাৰে নেকি? আপোনাৰ অভিভাৱকক আপুনি আমাৰ গোপনীয়তাৰ নীতি পঢ়াত সহায় কৰিবলৈ কওক।

বয়স ১৩-১৭

Googleত আপোনাৰ গোপনীয়তাৰ বিষয়ে জানিবলৈ বিচাৰে নেকি?

আপুনি আমাৰ এপ্‌ আৰু ছাইট ব্যৱহাৰ কৰিলে Googleএ কিদৰে তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰে ইয়াত আপুনি সেই বিষয়ে জানিব পাৰে। আপুনি লগতে আপোনাৰ অভিভাৱকে আপোনাক আপোনাৰ Google একাউণ্ট আৰু ডিভাইচ পৰিচালনা কৰোঁতে কিদৰে সহায় কৰিব পাৰে সেই বিষয়েও জানিব।

এই তথ্যখিনি নিজৰ একাউণ্ট পৰিচালনা কৰিবলৈ আৱশ্যক হোৱা ন্যূনতম বয়স নোহোৱা শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে, কেৱল Family Linkৰ জৰিয়তে পৰিচালিত Google একাউণ্টৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অধিক জানিবলৈ আমাৰ গোপনীয়তাৰ জাননী আৰু গোপনীয়তাৰ নীতি চাওক।

মোৰ অভিভাৱকে মোৰ একাউণ্ট পৰিচালনা কৰাত সহায় কৰিব পাৰেনে?

আপোনাৰ Google একাউণ্টৰ বিভিন্ন দিশ পৰিচালনা কৰাত সহায় হ’বলৈ আপোনাৰ অভিভাৱকে Family Link নামৰ এটা এপ্‌ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ ডিভাইচৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ এইসমূহৰ দৰে কাম কৰিব পাৰে:

  • আপোনাৰ একাউণ্টত ছাইন ইন কৰা, আপোনাৰ একাউণ্টৰ পাছৱৰ্ড সলনি কৰা অথবা আপোনাৰ একাউণ্ট মচি পেলোৱা।
  • আপুনি আপোনাৰ ডিভাইচসমূহ কিমান সময় আৰু কেতিয়া ব্যৱহাৰ কৰিব পাৰে তাৰ সীমা ছেট কৰা।
  • আপুনি ছাইন ইন কৰি থোৱা আৰু সক্ৰিয় হৈ থকা ডিভাইচৰ অৱস্থান চোৱা।
  • আপোনাৰ এপ্‌ পৰিচালনা কৰা আৰু আপুনি সেয়া কিমান সময় ব্যৱহাৰ কৰিব পাৰে সেয়া চোৱা।
  • Google Search, YouTube অথবা Google Playৰ দৰে কিছুমান Google এপৰ বাবে সমলৰ ছেটিং পৰিচালনা কৰা। এই ছেটিংসমূহে আপুনি কি দেখা পায় সেয়া সলনি কৰিব পাৰে।
  • আপোনাৰ একাউণ্টৰ, যেনে- YouTube ইতিহাসৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহ পৰিচালনা কৰা, য’ত আপুনি এই নিয়ন্ত্ৰণসমূহ পৰিচালনা কৰাটো অৱৰোধ কৰাও অন্তৰ্ভুক্ত।
  • আপোনাৰ ডিভাইচত থকা এপ্‌সমূহৰ বাবে অনুমতি পৰ্যালোচনা কৰা, যেনে- এপ্‌সমূহে আপোনাৰ মাইক্ৰ’ফ’ন, কেমেৰা অথবা সম্পৰ্কসূচী ব্যৱহাৰ কৰিব পাৰেনে নোৱাৰে।
  • আপোনাৰ একাউণ্ট সম্পৰ্কীয় তথ্য, যেনে- আপোনাৰ নাম, লিংগ অথবা জন্মৰ তাৰিখ চোৱা, সলনি কৰা অথবা মচা।
  • Google Playৰ দৰে Googleৰ কিছুমান এপ্‌ আৰু ছাইটত আপোনাৰ ডাউনল’ড আৰু ক্ৰয়ত অনুমোদন জনোৱা।

Googleএ মোৰ তথ্য কিদৰে আৰু কিয় সংগ্ৰহ আৰু ব্যৱহাৰ কৰে?

বেছিভাগ ছাইট আৰু এপে কৰাৰ দৰেই, আমি আপোনাৰ নাম আৰু জন্মৰ তাৰিখৰ দৰে আপুনি অথবা এগৰাকী অভিভাৱকে আমাক প্ৰদান কৰা তথ্য সংগ্ৰহ কৰোঁ আৰু আপুনি আমাৰ এপ্‌ আৰু ছাইট ব্যৱহাৰ কৰিলেহে আমি তথ্য সংগ্ৰহ কৰোঁ। আমি এই তথ্যখিনি সুৰক্ষিত কৰি ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰোঁ আৰু আমি এয়া আমাৰ প্ৰ’ডাক্টসমূহ আপোনাৰ বাবে অধিক সহায়ক কৰি তোলাৰ দৰে কামবোৰৰ বাবে ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, আমি এয়া কৰিবলৈ ডেটা সংগ্ৰহ কৰোঁ:

  • Google, আমাৰ ব্যৱহাৰকাৰী আৰু ৰাইজক সুৰক্ষা প্ৰদান কৰা: আমি অনলাইনত লোকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ, যেনে- প্ৰৱঞ্চনা চিনাক্ত আৰু ৰোধ কৰিবলৈ ডেটা ব্যৱহাৰ কৰোঁ।
  • আমাৰ সেৱা প্ৰদান কৰা: আমাৰ সেৱাসমূহ প্ৰদান কৰিবলৈ আমি ডেটা ব্যৱহাৰ কৰোঁ, যেনে- আপুনি কৰা সন্ধানৰ ফলাফল দিয়াৰ বাবে সন্ধান কৰিবলৈ ব্যৱহাৰ কৰা শব্দ প্ৰক্ৰিয়াকৰণ কৰিবলৈ।
  • আমাৰ সেৱাসমূহ বৰ্তাই ৰখা আৰু উন্নত কৰা: উদাহৰণস্বৰূপে, আমাৰ প্ৰ’ডাক্টসমূহে কাম কৰা বন্ধ কৰিবলগীয়া সময়ত কাম কৰা বন্ধ কৰিছেনে নাই আমি সেয়া ট্ৰেক কৰিব পাৰোঁ। আৰু সন্ধান কৰিবলৈ ব্যৱহাৰ কৰা কোনবোৰ শব্দৰ বানান সঘনাই ভুল হয় সেয়া বুজি পালে আমাৰ সমগ্ৰ সেৱাত ব্যৱহাৰ হোৱা বানান-পৰীক্ষণ সুবিধাসমূহ উন্নত কৰাত আমাৰ সহায় হয়।
  • নতুন সেৱাৰ বিকাশ কৰা: ডেটাই আমাক নতুন সেৱা বিকাশ কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, লোকসকলে Googleৰ প্ৰথম ফট’ এপ্‌ Picasaত তেওঁলোকৰ ফট’সমূহ কিদৰে সজাই থৈছিল সেয়া বুজি পোৱাৰ কাৰণে Google Photosৰ ডিজাইন কৰাত তথা সেইটো লঞ্চ কৰাত আমাৰ সহায় হৈছিল।
  • সমল ব্যক্তিগতকৰণ কৰা, যাৰ অৰ্থ হৈছে আমি আপুনি পচন্দ কৰিব পাৰে বুলি ভবা বস্তু দেখুওৱা। উদাহৰণস্বৰূপে, আপুনি যদি YouTubeত ক্ৰীড়াৰ ভিডিঅ’ চাই ভাল পায়, আমি তেনেকুৱা অধিক সমলৰ চুপাৰিছ কৰিব পাৰোঁ।
  • আপুনি ব্যৱহাৰ কৰি থকা ছাইট, আপুনি সন্ধান কৰিবলৈ দিয়া শব্দ অথবা আপোনাৰ চহৰ আৰু ৰাজ্য আদিৰ দৰে তথ্যৰ ওপৰত ভিত্তি কৰি আপোনাক বিজ্ঞাপন দেখুওৱা
  • পাৰদৰ্শিতাৰ পৰিমাপ: আমি পাৰদৰ্শিতা পৰিমাপ কৰিবলৈ ডেটা ব্যৱহাৰ কৰোঁ আৰু আমাৰ সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰা হয় সেয়া বুজোঁ।
  • আপোনাৰ সৈতে যোগাযোগ কৰা: উদাহৰণস্বৰূপে, আমি যদি সন্দেহজনক কাৰ্যকলাপ চিনাক্ত কৰোঁ, আপোনাক জাননী পঠিয়াবলৈ আমি আপোনাৰ ইমেইল ঠিকনা ব্যৱহাৰ কৰিব পাৰোঁ।

Googleএ কি ছেভ কৰে মই তাৰ সিদ্ধান্ত কিদৰে ল’ব পাৰোঁ?

আপোনাৰ ছেটিঙৰ জৰিয়তে, আমি সংগ্ৰহ কৰা ডেটা আৰু সেই ডেটা কিদৰে ব্যৱহাৰ কৰা হয়, আপুনি সেয়া সীমিত কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি আমি আপোনাৰ Google একাউণ্টত আপোনাৰ YouTube ইতিহাস ছেভ কৰাটো নিবিচাৰে, আপুনি YouTube ইতিহাস অফ কৰিব পাৰে। আপুনি আপোনাৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহত সালসলনি কৰিলে আপোনাৰ অভিভাৱকক জনোৱা হ’ব। আপোনাৰ গোপনীয়তাৰ ছেটিঙৰ বিষয়ে অধিক জানক

আপুনি আপোনাৰ আৰু আপোনাৰ Google একাউণ্টৰ বিষয়ে কিছুমান তথ্য যিকোনো সময়তে চাব আৰু পৰিচালনা কৰিব পাৰে।

Googleএ কেতিয়াবা মোৰ ব্যক্তিগত তথ্য অন্য লোকৰ সৈতে শ্বেয়াৰ কৰেনে?

আইনৰ দ্বাৰা বাধ্য হোৱাৰ দৰে সীমিত কিছুমান ক্ষেত্ৰৰ বাহিৰে, আমি Googleৰ বাহিৰৰ কোম্পানী, প্ৰতিষ্ঠান অথবা ব্যক্তিৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰোঁ। আমি যদি এই তথ্য শ্বেয়াৰ কৰোঁ, আমি সেয়া সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিবলৈ পদক্ষেপ লওঁ।

আমি কিছুমান ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব পাৰোঁ:

  • Googleত আপোনাৰ পৰিয়ালৰ গোট আৰু আপোনাৰ অভিভাৱকৰ সৈতে
  • ​​আপুনি আৰু আপোনাৰ অভিভাৱকে অনুমতি দিলে অথবা আইনী কাৰণৰ বাবে। আমি আপোনাৰ ব্যক্তিগত তথ্য Googleৰ বাহিৰত শ্বেয়াৰ কৰিম, যদিহে আমি বিশ্বাস কৰোঁ যে সেয়া কৰাটো এইসমূহৰ বাবে আৱশ্যকীয় হ’ব পাৰে:
    • কোনো প্ৰযোজ্য আইন, বিধি, আইনী প্ৰক্ৰিয়া অথবা বলৱৎ কৰিব পৰা চৰকাৰী অনুৰোধ মানি চলা।
    • সম্ভাব্য উলংঘনৰ তদন্তকে ধৰি প্ৰযোজ্য সেৱাৰ চৰ্তাৱলী বলৱৎ কৰা।

    • প্ৰৱঞ্চনা, সুৰক্ষামূলক অথবা কাৰিকৰী সমস্যা চিনাক্ত, প্ৰতিৰোধ অথবা সমাধান কৰা।
    • আইনমতে প্ৰয়োজনীয় অথবা আইনে অনুমতি দিয়া অনুসৰি Google, আমাৰ ব্যৱহাৰকাৰী অথবা ৰাইজৰ অধিকাৰ, সম্পত্তি অথবা সুৰক্ষাৰ ক্ষতি নোহোৱাকৈ সুৰক্ষা প্ৰদান কৰা।
  • বাহ্যিক প্ৰক্ৰিয়াকৰণৰ বাবে। আমি যিবোৰ কোম্পানীৰ সৈতে কাম কৰোঁ সেইসমূহক দিয়া নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি ডেটা প্ৰক্ৰিয়াকৰণ কৰিবলৈ আমি সেইসমূহক ব্যক্তিগত তথ্য প্ৰদান কৰোঁ। উদাহৰণস্বৰূপে, গ্ৰাহক সেৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিবলৈ আমি বাহ্যিক কোম্পানী ব্যৱহাৰ কৰোঁ আৰু ব্যৱহাৰকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোম্পানীটোৰ সৈতে আমি ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিবলগীয়া হয়।

ফট’, ইমেইল আৰু নথিৰ দৰে মই শ্বেয়াৰ কৰা বস্তু আন কোনে চাব পাৰে?

আপুনি ব্যৱহাৰ কৰা Googleৰ এপ্‌ আৰু ছাইটত অন্য লোকৰ সৈতে নিৰ্দিষ্ট কিছুমান সমল শ্বেয়াৰ কৰিবলৈ আপুনি বাছনি কৰিব পাৰে।

পাহৰি নাযাব যে, আপুনি যেতিয়া শ্বেয়াৰ কৰে, অন্য লোকে এপৰ ভিতৰতেই আৰু Googleৰ বাহিৰৰ ছাইটত সেয়া পুনৰ শ্বেয়াৰ কৰিব পাৰে।

আপুনি আপোনাৰ একাউণ্টৰ পৰা যিকোনো সময়তে নিজৰ সমল মচিব পাৰে, কিন্তু এইটোৱে আপুনি ইতিমধ্যে শ্বেয়াৰ কৰা প্ৰতিলিপিসমূহ মচি নেপেলায়।

আপুনি কি শ্বেয়াৰ কৰে তাক লৈ সাৱধান হওক আৰু কেৱল আপুনি বিশ্বাস কৰা লোকৰ সৈতেহে শ্বেয়াৰ কৰক।

এই বিষয়বস্তুসমূহৰ বিষয়ে অধিক জানিবলৈ, আপুনি যিকোনো সময়তে আমাৰ গোপনীয়তাৰ নীতি চাব পাৰে।